Xiaomi ব্যৱহাৰকাৰী চুক্তি

Xiaomi-লৈ স্বাগতম!

Xiaomi ব্যৱহাৰকাৰী চুক্তি (“চুক্তি”) www.mi.com (ইয়াৰ পিছত “ছাইট” ৰূপে উল্লেখ কৰা হৈছে) আৰু Xiaomi-ৰ প্ৰডাক্ট, প্ৰ'গ্ৰাম আৰু সেৱাসমূহৰ (ইয়াৰ পিছত “সেৱাসমূহ” ৰূপে উল্লেখ কৰা হৈছে, Mi টক আৰু MIUI-ক সামৰি, কিন্তু কেৱল তাতে সীমাবদ্ধ নহয়) বাবে আপোনাৰ (বা “ব্যৱহাৰকাৰী”, অৰ্থাৎ আমাৰ সেৱাৰ বাবে পঞ্জীয়ন, লগ ইন, ব্যৱহাৰ বা ব্ৰাউজ কৰা সকলো ব্যক্তি বা সত্বা), Xiaomi Inc., ইয়াৰ সহযোগী আৰু শাখাসমূহ (ইয়াৰ পিছত “Xiaomi” বা “আমি” ৰূপে উল্লেখ কৰা হৈছে) আৰু আমাৰ কৰ্মনিযুক্ত সহযোগীৰ (ইয়াৰ পিছত “সহযোগী” ৰূপে উল্লেখ কৰা হৈছে) মাজত সম্পন্ন হৈছে।

দয়া কৰি ৱাৰেণ্টিৰ দায়লুপ্তি, দায়বদ্ধতাৰ সীমাবদ্ধতা, আৰু অধিকাৰ আৰু সীমাবদ্ধতাসমূহৰ চৰ্তসমূহক সামৰি এই চুক্তি সাৱধানেৰে পঢ়ক আৰু সম্পূৰ্ণকৈ বুজিবলৈ চেষ্টা কৰক, আৰু এই চুক্তিত সন্মত হ'বনে নহয় পচন্দ কৰক (নাবালকসকলে এই চুক্তি তেওঁলোকৰ আইনসন্মত অভিভাৱকৰ উপস্থিতিত পঢ়া উচিত)। আপুনি আমাৰ চৰ্ত আৰু নীতিসমূহ মানি নচলিলে Xiaomi-এ আপোনাক আমাৰ সেৱা প্ৰদান কৰাটো নিলম্বিত বা বন্ধ কৰিব পাৰে। সেৱাসমূহলৈ আপোনাৰ পঞ্জীয়ন, লগইন, ব্যৱহাৰ বা অন্য কাৰ্যসমূহৰ দ্বাৰা, আপুনি স্বীকাৰ কৰিছে যে আপুনি এই চুক্তিৰ চুক্তি আৰু চৰ্তসমূহ পঢ়িছে, বুজি পাইছে আৰু সেইবিলাক গ্ৰহণ কৰিবলৈ আৰু সেইবিলাকেৰে আবদ্ধ হৈ থাকিবলৈ সন্মত হৈছে।

এই চুক্তি গ্ৰহণ কৰি, আপুনি এই চুক্তি আপোনাক কোনো অতিৰিক্ত অধিসূচনা নিদিয়াকৈ যিকোনো সময়তে সংশোধনৰ অধিকাৰ Xiaomi-এ সংৰক্ষণ কৰি ৰখা কাৰ্যকে সামৰি সকলো ধৰণৰ বাধ্যবাধকতাত সন্মতি প্ৰদান কৰিছে। আপুনি শেহতীয়া ব্যৱহাৰকাৰী চুক্তি পৰীক্ষা কৰিবলৈ যিকোনো সময়তে আমাৰ ৱেবপৃষ্ঠালৈ লগ ইন কৰিব পাৰে। যদি আপুনি আমি পৰিৱৰ্তন কৰা কোনো সমলৰ সৈতে সন্মত নহয়, তেন্তে আপুনি Xiaomi সেৱাসমূহৰ ব্যৱহাৰ বন্ধ কৰা উচিত। আমাৰ সেৱাসমূহৰ ব্যৱহাৰ অব্যাহত ৰাখি আপুনি এই চুক্তিৰ সংশোধিত চৰ্তসমূহ গ্ৰহণ কৰিবলৈ আৰু সেইবিলাকেৰে আৱদ্ধ হৈ থাকিবলৈ সন্মত হৈছে।

আমাৰ সেৱাসমূহৰ ব্যৱহাৰৰ চৰ্তসমূহ

আপুনি পঞ্জীয়ন নকৰাকৈ ছাইটটো ভ্ৰমণ কৰিব পাৰে। যি কি নহওক, অধিক সেৱাসমূহলৈ প্ৰৱেশ লাভৰ বাবে আপোনাক এটা Mi একাউণ্ট (“একাউণ্ট”)ৰ আৱশ্যক আৰু পঞ্জীয়ন ৱেবপৃষ্ঠাত প্ৰাসংগিক ব্যক্তিগত তথ্য প্ৰদান কৰা প্ৰয়োজন। আপুনি ছাইটটোৰ নিৰ্দেশনাসমূহ অনুযায়ী আপোনাৰ একাউণ্ট বিলোপ বা নিলম্বিত কৰিব পাৰে, আৰু আমি এই চুক্তিৰ ওপৰত ভিত্তি কৰি আপোনাৰ একাউণ্ট ৰাখি থম বা বিলোপ কৰিম।

আপুনি নিম্নলিখিতিসমূহ অংগীকাৰ আৰু সেইসমূহ দায়িত্ব গ্ৰহণ কৰিছে:

আপুনি নিম্নলিখিতসমূহো বুজি পোৱা আৰু লগতে স্বীকাৰ কৰা উচিত:

ব্যৱহাৰকাৰীৰ সমল

ব্যৱহাৰকাৰীৰ সমলে ছাইটটো আৰু Xiaomi সেৱাৰ যোগেদি ডাউনলোড, মুক্তি বা অন্য কাৰ্যকলাপসমূহৰ যোগেদি সৃষ্টি হোৱা সকলো সমল (আপোনাৰ তথ্য, চিত্ৰ, সংগীত বা অন্যসমূহ)ক বুজায়। তেনে সমলৰ বাবে একমাত্ৰ আপুনিয়েই দায়বদ্ধ আৰু আপোনাৰ দ্বাৰা তেনে সমলৰ প্ৰকাশৰ পৰা সৃষ্টি হোৱা সকলো বিপদাশংকা আপুনিয়েই বহন কৰে।

এবাৰ আপুনি ছাইটটো আৰু Xiaomi সেৱাসমূহৰ যোগেদি আপলোড কৰিলে, মুক্তি দিলে বা কাৰ্যকলাপত যুক্ত হ'লে, আপুনি Xiaomi-ক এইসমূহৰ বাবে এক প্ৰত্যাহাৰ-অযোগ্য, অনা-স্বতন্ত্ৰ, উপ-লাইচেঞ্চযোগ্য, স্থানান্তৰযোগ্য আৰু ৰয়েলিটি-মুক্ত বিশ্বজনীন লাইচেঞ্চ প্ৰদান কৰে:

অধিকাৰ আৰু কৰ্তব্যসমূহ

আপুনি এই ছাইটটো আইনসন্মতভাৱে ব্যৱহাৰ কৰাৰ অধিকাৰ আছে।

ম'বাইল সংযোগ ডিভাইচসমূহত Xiaomi-ৰ প্ৰডাক্ট আৰু সেৱাসমূহ আপলোড, ডাউনলোড, ইনষ্টল আৰু ব্যৱহাৰ কৰাৰ অধিকাৰ আছে।

Xiaomi একাউণ্টৰ মালিকীস্বত্ব Xiaomi আৰু ইয়াৰে সম্পৰ্কিত কোম্পানীসমূহৰ হাতত ন্যস্ত আছে। আপুনি পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ পিছত Mi একাউণ্টসমূহ ব্যৱহাৰ কৰাৰ আপোনাৰ অধিকাৰ আছে। Mi একাউণ্টসমূহ ব্যৱহাৰ কৰাৰ অধিকাৰ কেৱল আপোনাৰহে, আৰু Mi একাউণ্টসমূহ ধাৰলৈ লোৱা, ভাড়লৈ লোৱা, লাইচেঞ্চ দিয়া, স্থানান্তৰ কৰা, উপহাৰ দিয়া বা বিক্ৰী কৰাৰ বাবে আপোনাক অনুমতি দিয়া নহয়। প্ৰয়োগগত প্ৰয়োজনীয়তাৰ বাবে Xiaomi-ৰ যিকোনো একাউণ্ট পুনৰুদ্ধাৰ কৰাৰ অধিকাৰ আছে।

ব্যক্তিগত তথ্য, পঞ্জীয়নৰ তথ্য আৰু পোষ্ট কৰা অন্য যিকোনো সমল পৰিৱৰ্তন কৰা আৰু আঁতৰোৱাৰ অধিকাৰ আপোনাৰ আছে। দয়া কৰি মনত ৰাখিব যে সম্পৰ্কীয় তথ্যসমূহ আঁতৰোৱাৰ সময়ত ছিষ্টেমত সংৰক্ষিত কোনো চিত্ৰ বা শব্দ বিলোপ হৈ পৰাৰ বিপদাশংকাৰ দায়িত্বও আপুনি বহন কৰিব লাগিব।

আপুনি আপোনাৰ একাউণ্ট তথ্য আৰু পাছৱৰ্ডৰ সুৰক্ষাৰ ক্ষেত্ৰত দায়বদ্ধ, আৰু পঞ্জীকৃত একাউণ্টৰ অধীনত সম্পন্ন হোৱা কাৰ্যকলাপসমূহৰ আইনী দায়িত্ব গ্ৰহণ কৰিব লাগিব। যিকোনো পৰিস্থিতিতে আপুনি অন্যৰ পাছৱৰ্ড আৰু একাউণ্টসমূহ ব্যৱহাৰ নকৰাৰ বাবে সন্মত হৈছে। আপোনাৰ পাছৱৰ্ড আৰু একাউণ্ট অন্য কোনোবাই ব্যৱহাৰ কৰা বুলি সন্দেহ কৰিলে Xiaomi-ক অবিলম্বে অধিসূচীত কৰিবলৈ আপুনি সন্মত হৈছে।

অধিকাৰৰ সীমাবদ্ধতা আৰু প্ৰতিবন্ধকতাসমূহ

আপুনি ছাইট বা Xiaomi-ৰ প্ৰডাক্ট আৰু সেৱাসমূহৰ সমল বিক্ৰী কৰা, ভাড়া দিযা, স্থানান্তৰ কৰা, মুক্তি দিয়া বা অন্য ব্যৱসায়িক কাৰণত ব্যৱহাৰ কৰা উচিত নহয় (সমল বা বিজ্ঞাপন বা স্পনচৰকৃত সমলক সামৰি, কিন্তু সেইবিলাকতে সীমাবদ্ধ নাথাকি);

আপুনি একেধৰণৰ বা প্ৰতিদ্বন্দ্বী সেৱা স্থাপন কৰিবৰ বাবে ছাইটটো বা Xiaomi সেৱাসমূহ ভ্ৰমণ কৰা উচিত নহয়;

আইনে স্পষ্টভাৱে অনুমোদন নকৰিলে, আপুনি ছাইটটো বা Xiaomi-ৰ সেৱাসমূহ (সমল বা বিজ্ঞাপন বা স্পনচৰকৃত সমলক সামৰি, কিন্তু সেইবিলাকতে সীমাবদ্ধ নাথাকি) কোনো ধৰণেৰে প্ৰতিলিপি, প্ৰকাশ, ডাউনলোড, পৰিৱৰ্তন, অনুৱাদ, মাৰ্জ, অসংগঠিত আৰু লেপন বা অসংকলন ইত্যাদি কৰা উচিত নহয়;

ছাইটটো বা সেৱাসমূহ ব্যৱহাৰ কৰোতে তলত দিয়া কাৰ্যকলাপসমূহৰ ক্ষেত্ৰত বিপদাশংকাৰ সকলো দায়িত্ব আৰু সম্পূৰ্ণ আইনী দায়িত্ব ল'বলৈ আপুনি সন্মত হৈছে।

স্থানীয় প্ৰশাসনীয় অধিনিয়ম আৰু আইনসমূহৰ দ্বাৰা নিষিদ্ধ অন্য যিকোনো সমলৰ প্ৰকাশ আৰু প্ৰসাৰ।

আপুনি তলত দিয়া ধৰণৰ কোনো আচৰণ আৰু কাৰ্যকলাপৰ সৈতে নিযুক্ত হ'বলৈ ছাইটটো বা Xiaomi সেৱাসমূহ ব্যৱহাৰ কৰা উচিত নহয:

কম্পিউটাৰ ছিষ্টেম আৰু ডাটাৰ ক্ষতি আৰু পৰিৱৰ্তনৰ বাবে কোনো ভাইৰাছ, ৱৰ্ম আৰু মালৱেৰৰ মুক্তি;

কৰ্তৃত্ব নোহোৱাকৈ অন্য ব্যৱহাৰকাৰীসকলৰ ইমেইল ঠিকনাৰ দৰে তথ্য বা ডাটা সংগ্ৰহ;

ছাইটটোৰ নেটৱৰ্ক সংযোগ অক্ষম, ছাইটটোক অধিক লোড দিবলৈ চেষ্টা কৰা, ৱেবছাইটৰ ছাৰ্ভাৰ আৰু সংযোগত অন্য ধৰণেৰে ব্যাঘাত জন্মোৱা বা ক্ষতিসাধন কৰা;

কৰ্তৃত্ব নোহোৱাকৈ ছাইট, Mi টক, আমাৰ ছাৰ্ভাৰ বা ছাইটটোৰ সংযোগলৈ যাবলৈ চেষ্টা কৰা;

অন্য ব্যৱহাৰকাৰীৰ দ্বাৰা Xiaomi সেৱাসমূহৰ স্বাভাৱিক ব্যৱহাৰ ব্যাহত বা ক্ষতিসাধন কৰা।

তৃতীয় পক্ষ

আপুনি বুজি পায় আৰু সন্মত হয় যে আমাৰ সেৱাসমূহ তৃতীয় পক্ষ যেনে, Android ইত্যাদিৰ কাৰিকৰী সমৰ্থনৰ ওপৰত নিৰ্ভৰশীল। আপুনি বুজি পায় আৰু সন্মতি প্ৰদান কৰে যে আমি তেনে তৃতীয় পক্ষৰ পৰা কাৰিকৰী সমৰ্থন বা অন্য কোনো সমৰ্থন প্ৰাপ্ত কৰোতে আপোনাৰ ডাটাৰ কিছু অংশ তেওঁলোকক প্ৰদান কৰিব পাৰো। আপোনাৰ দ্বাৰা ছাইটটো আৰু Mi টক সেৱাসমূহৰ ব্যৱহাৰ ছাইটটো আৰু Xiaomi সেৱাসমূহে সীমাবদ্ধ কৰাত আপুনি সন্মত হৈছে আৰু তাৰ কৰ্তৃত্ব প্ৰদান কৰিছে।

ব্যৱহাৰকাৰীৰ সমলৰ অৰ্থ হৈছে ব্যৱহাৰকাৰীৰ দ্বাৰা ছাইট আৰু Xiaomi প্ৰডাক্ট আৰু সেৱাসমূহ ব্যৱহাৰ কৰোতে ডাউনলোড কৰা, মুক্তি দিয়া বা সৃষ্টি কৰা সমল। আপোনাৰ দ্বাৰা সংঘটিত হোৱা সমল প্ৰকাশৰ বাবে আপুনি আইনী দায়বদ্ধতা গ্ৰহণ কৰিব লাগিব।

যেতিয়া আপুনি এটা তৃতীয় পক্ষৰ ৱেবছাইট আৰু বিজ্ঞাপনসমূহ চায়, তেতিয়া তৃতীয় পক্ষৰ চৰ্তসমূহ আৰু নীতি প্ৰযোজ্য হয়। আপুনি তৃতীয় পক্ষৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ সকলো বিপদাশংকা আৰু আইনী দায়বদ্ধতা গ্ৰহণ কৰিব।

ছাইট আৰু Xiaomi প্ৰডাক্ট আৰু সেৱাসমূহত অন্য ব্যৱহাৰকাৰীয়ে প্ৰদান কৰা সমল অন্তৰ্ভুক্ত হৈ থাকে; আৰু আপোনাৰ আৰু অন্য ব্যৱহাৰকাৰীসকলৰ মাজত হোৱা ভাৱ-বিনিময় কেৱল আপোনাৰ আৰু অন্য ব্যৱহাৰকাৰীসকলৰ। Xiaomi-এ তেনে ব্যৱহাৰকাৰী সমল নিয়ন্ত্ৰণ, আইনী দায়িত্ব গ্ৰহণ, বা তেনে ব্যৱহাৰকাৰী সমল পৰীক্ষা, নিৰীক্ষণ, তদন্ত আৰু অনুমোদন কৰাৰ দায়িত্বসমূহ বহন কৰি নলয়। সেয়েহে আপুনি তেনে ভাৱ-বিনিময়ৰ বিপদাশংকাসমূহ বাবে আইনী দায়িত্ব গ্ৰহণ কৰে।

আমাৰ সেৱাসমূহৰ প্ৰতি দায়িত্ব

আপুনি ছাইট বা সেৱাসমূহ অপকাৰহীনভাৱে ব্যৱহাৰ কৰিবলৈ আৰু ছাইট বা সেৱাসমূহৰ ব্যৱহাৰ, আপোনাৰ ব্যৱহাৰকাৰী সমল, আপুনি এই চুক্তি ভংগৰ দ্বাৰা তৃতীয় পক্ষৰ পৰা কোনো মোকৰ্দমা, অভিযোগ, ক্ষতি, লোকচান, দায়বদ্ধতা, খৰচ আৰু মাছুল (পৰামৰ্শদাতাৰ মাছুলক সামৰি, কিন্তু তাতে সীমাবদ্ধ নাথাকি) পৰিহাৰ কৰাত Xiaomi-ক সহায় কৰিবলৈ সন্মত হৈছে।

Xiaomi-এ স্বসমৰ্থনৰ সম্পূৰ্ণ অধিকাৰ আৰু ক্ষতিপুৰণ দাৱী কৰাৰ অধিকাৰ নিজৰ বাবে সংৰক্ষণ কৰি ৰাখিছে।

ব্যৱহাৰকাৰীৰ সমলে ছাইটটো আৰু Xiaomi সেৱাসমূহৰ যোগেদি ডাউনলোড, মুক্তি বা অন্য কাৰ্যকলাপসমূহৰ যোগেদি সৃষ্ট সকলো সমল (আপোনাৰ তথ্য, চিত্ৰ, সংগীত বা অন্যসমূহ)ক বুজায়। তেনে সমলৰ বাবে একমাত্ৰ আপুনিয়েই দায়বদ্ধ আৰু আপোনাৰ দ্বাৰা ব্যৱহাৰকাৰী সমলৰ প্ৰকাশৰ ফলত সৃষ্টি হোৱা সকলো বিপদাশংকা আপুনিয়েই বহন কৰে।

যেতিয়া আপুনি আৰু Xiaomi একেলগে মিলি কোনো তৃতীয় পক্ষৰ বিৰুদ্ধে এটা মোকৰ্দমা চলায়, তেতিয়া Xiaomi-ৰ লিখিত সন্মতি নোহোৱাকৈ আপুনি একপক্ষীয়ভাৱে মিটমাট নকৰিব।

Xiaomi-এ যুক্তিসংগতভাৱে আপোনাক তেনে মোকৰ্দমা বা আইনী পদক্ষেপৰ বিষয়ে অধিসূচীত কৰিব।

কোনো পৰিস্থিতিতে Xiaomi-এ এই চুক্তিৰ ফলস্বৰূপে কোনো পৰোক্ষ, আনুসাংগিক, দৃষ্টান্তমূলক, সাম্ভাব্য, ব্যতিক্ৰমমূলক, দণ্ডমূলক ক্ষতিপুৰণ বহন নকৰে। আপুনি ছাইট আৰু সেৱাসমূহৰ যোগেদি কম্পিউটাৰ ছিষ্টেম আৰু ম'বাইল ডাটাবেছ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা সকলো বিপদাশংকাৰ দায়িত্ব গ্ৰহণ কৰিব।

ৱাৰেণ্টিৰ দায়লুপ্তি

তলত উল্লেখ কৰা পৰিস্থিতিসমূহত Xiaomi-এ কোনো আইনী বাধ্যবাধকতাৰ দায়িত্ব গ্ৰহণ নকৰে:

ছাইটটোত কোনো ব্যৱহাৰকাৰীয়ে পোষ্ট কৰা কোনো সমলে Xiaomi-ৰ মতাদৰ্শ বা নীতি প্ৰতিনিধিত্ব বা প্ৰতিফলিত নকৰে; ইয়াৰ বাবে Xiaomi-এ কোনো ধৰণৰ দায়িত্ব স্বীকাৰ নকৰে।

Xiaomi-এ কোনো পৰিস্থিতিতে Xiaomi-ৰ সেৱাসমূহৰ ব্যৱহাৰৰ ফলস্বৰূপে হ'ব পৰা কোনো লাভৰ লোকচানকে সামৰি পৰোক্ষ, আনুসাংগিক, দৃষ্টান্তমূলক, সাম্ভাব্য, ব্যতিক্ৰমমূলক বা দণ্ডমূলক ক্ষতিৰ দায়িত্ব বহন নকৰে। এই চুক্তিৰ সুবিধাসমূহৰ স্বত্বেও, আমি বহন কৰিবলগীয়া দায়বদ্ধতা আপুনি পঞ্জীয়নৰ ম্যাদৰ সময়কালৰ ভিতৰত, যিকোনো কাৰণ বা যিকোনো ধৰণৰে Xiaomi সেৱাসমূহৰ বাবে পৰিশোধ কৰা মাছুলৰ (যদিহে কোনো মাছুল পৰিশোধ কৰে) অধিক নহ'ব।

বৌদ্ধিক সম্পদ

ছাইটটো বা ভাৱ-বিনিময়ৰ প্লেটফৰ্মত পোষ্ট কৰা যিকোনো তথ্যই কোনো তৃতীয় পক্ষৰ বৌদ্ধিক সম্পদ উলংঘন কৰা উচিত নহয়। আপুনি কোনো সামগ্ৰী বা কপিৰাইট সুৰক্ষাৰ অধীনত থকা ট্ৰেডমাৰ্ক, বা অন্যৰ মালিকানাধীন তথ্যসমূহ গৰাকীৰ লিখিত অনুমতি অবিহনে আপলোড কৰিব, মুক্তি দিব, পৰিৱৰ্তন কৰিব, প্ৰচাৰ কৰিব বা প্ৰতিলিপি কৰিব নোৱাৰে। যদি Xiaomi-এ কোনো কপিৰাইটৰ গৰাকী বা ইয়াৰ আইনী প্ৰতিনিধিৰ পৰা উপযুক্ত জাননী লাভ কৰে, তেন্তে আমি অনুসন্ধানৰ পিছত সম্বন্ধীয় সমল আঁতৰাই পেলাম।

Xiaomi প্ৰডাক্ট আৰু সেৱাসমূহত দেখা পোৱা MIUI আৰু অন্য Xiaomi ল'গ'ৰ সৈতে সম্পৰ্কীয় গ্ৰাফিকসমূহ, শব্দসমূহ আৰু গঠন হ'ল Xiaomi-ৰ ট্ৰেডমাৰ্ক। লিখিত অনুমতি অবিহনে, আপুনি সেইবিলাক অন্য ধৰণেৰে কোনো ভাৱেই প্ৰদৰ্শন বা ব্যৱহাৰ কৰিব নোৱাৰে। কোনো পৰিস্থিতিতে কোনো সত্বা বা ব্যক্তিয়ে ট্ৰেডমাৰ্কৰ কোনো এটা অংশ ব্যৱহাৰ, প্ৰতিলিপি, প্ৰচাৰ, লিপ্যন্তৰ কৰিব নোৱাৰে বা অন্য প্ৰডাক্টক সৈতে গোটবদ্ধ কৰি বিক্ৰী কৰিব নোৱাৰে।

যদি আপুনি ভাৱে যে কোনোবাই আপোনাৰ কৰ্ম প্ৰতিলিপি কৰিছে বা ছাইটত আপোনাৰ কৰ্ম প্ৰকাশ কৰিছে, আৰু লগতে আপোনাৰ কপিৰাইট উলাংঘা কৰিছে, তেন্তে ইতিমধ্যেই উল্লেখ কৰা সুবিধাসমূহৰ উপৰিও, আপুনি আমাৰ ইমেইল ঠিকনা (legalqa@xiaomi.com)ৰ যোগেদি শীঘ্ৰে যোগাযোগ কৰিব পাৰে। দয়া কৰি তলত দিয়া তথ্যসমূহো লিখিত জাননীত অন্তৰ্ভুক্ত কৰক: (i) তথাকথিতভাৱে উলংঘা কৰা সমলৰ ক্ষেত্ৰত আপোনাৰ কপিৰাইট থকা বুলি বা কপিৰাইট প্ৰয়োগৰ বাবে আপোনাক কৰ্তৃত্ব প্ৰদান কৰা হৈছে বুলি প্ৰমাণ কৰাৰ বাবে সামগ্ৰী; (ii) আপোনাৰ স্পষ্ট চিনাক্তকৰণ, ঠিকনা আৰু সম্পৰ্ক তথ্য; (iii) তথাকথিতভাৱে উলংঘা কৰা সমলৰ নেটৱৰ্ক ঠিকনা; (iv) তথাকথিতভাৱে কপিৰাইট উলংঘা কৰা সমলৰ বিৱৰণ; (v) আপোনাৰ কপিৰাইট উলংঘা কৰা বুলি প্ৰমাণ কৰিব পৰাকৈ সামগ্ৰী; (vi) মিছা-আৰোপৰ সকলো ধৰণৰ ফলাফল আপুনি ভোগ কৰিবলৈ সাজু আছে বুলি প্ৰতিশ্ৰুতি দি আপুনি আপোনাৰ লিখিত প্ৰতিবেদনৰ সঠিকতা আৰু প্ৰমাণিকতাৰ বিষয়ে এক লিখিত বক্তব্য জাৰী কৰে।

সংশোধন আৰু পৰিসমাপ্তি

সংশোধিত চৰ্তসমূহ

আমি যিকোনো সময়তে এই চুক্তিৰ চৰ্তসমূহ পৰিৱৰ্তন বা সংশোধন কৰিব পাৰো, আৰু আপোনাৰ ইমেইল ঠিকনা বা এই ছাইটত অধিসূচনাৰ যোগেদি আপোনাক অধিসূচিত কৰিম। চৰ্তসমূহৰ সংশোধনৰ পিছত ছাইটটো আৰু Xiaomi-ৰ অন্য সেৱাসমূহ আপুনি ব্যৱহাৰ কৰাটোৱে সেই পৰিৱৰ্তনসমূহলৈ আপোনাৰ সন্মতিকে ইংগিত কৰিব;

কোনো অধিসূচনা নিদিয়াকৈ সময়ে সময়ে ছাইটটো আৰু Xiaomi-ৰ সেৱাসমূহ সংশোধন কৰা, ৰখা আৰু প্ৰত্যাহাৰ কৰাৰ অধিকাৰ Xiaomi-এ নিজৰ হাতত ৰাখিছে;

আপুনি সন্মত হৈছে যে Xiaomi-এ ছাইটটো আৰু Xiaomi প্ৰডাক্ট আৰু সেৱাসমূহৰ পৰিৱৰ্তন, সংৰক্ষণ বা প্ৰত্যাহাৰ, অন্য সেৱাসমূহ বা তৃতীয় পক্ষসমূহে গ্ৰহণ কৰা পদক্ষেপৰ বাবে কোনো দায়বদ্ধতা স্বীকাৰ নকৰে।

পৰিসমাপ্তি

এই চুক্তি আপুনি ছাইটটো আৰু Xiaomi প্ৰডাক্ট আৰু সেৱাসমূহ ব্যৱহাৰ কৰাৰ পৰা, সেইসমূহ ব্যৱহাৰ কৰি থকা পৰ্যন্ত, এই চুক্তি অনুসৰি পৰিসমাপ্তি নকৰালৈকে মান্য হৈ থাকিব।

ইতিপূৰ্বে উল্লিখিত সুবিধাসমূহৰ স্বত্বেও, আপুনি প্ৰথমবাৰৰ বাবে ছাইটটো আৰু Xiaomi প্ৰডাক্ট আৰু সেৱাসমূহ ব্যৱহাৰৰ কৰাৰ পৰা, যদিও সেয়া আপুনি এই চুক্তিত সন্মত হোৱাৰ পূ্ৰ্বে হয়, প্ৰযোজ্য হ'ব। আগতীয়া পৰিসমাপ্তি প্ৰযোজ্য নহ'লে ই মান্য হৈ থাকিব।

আপুনি আমাৰ গ্ৰহণীয় নীতসমূহ বা এই চুক্তিৰ অন্য চৰ্তসমূহ ভংগ কৰা বুলি বিশ্বাস কৰিলে আমি ছাইট, Xiaomi সেৱাসমূহ আৰু আপোনাৰ একাউণ্টলৈ প্ৰৱেশৰ অধিকাৰ সংৰক্ষণ কৰিব পাৰো; আমি এই চুক্তি যিকোনো সময়ত, যিকোনো কাৰণত কোনো অধিসূচনা নিদিয়াকৈ পৰিসমাপ্ত কৰিব পাৰো।

কোনো পূৰ্বৱৰ্তী সুবিধাসমূহৰ ওপৰত ভিত্তি নকৰাকৈ, যদি ব্যৱহাৰকাৰীয়ে কোনো তৃতীয় পক্ষৰ কপিৰাইট উলংঘন কৰে আৰু গৰাকী বা গৰাকীৰ আইনী প্ৰতিনিধিৰ পৰা কোনো জাননী প্ৰাপ্ত কৰে, তেন্তে Xiaomi-এ এই চুক্তি পৰিসমাপ্ত কৰাৰ অধিকাৰ নিজৰ হাতত ৰাখিছে।

এবাৰ এই চুক্তিৰ পৰিসমাপ্তিৰ পিছত, আপোনাৰ সকলো ৱেবছাইট একাউণ্ট আৰু ছাইটটো আৰু Xiaomi-ৰ প্ৰডাক্ট আৰু সেৱাসমূহ ব্যৱহাৰ কৰাৰ অধিকাৰসমূহো সমাপ্ত কৰা হ'ব। আপুনি বুজা উচিত যে ইয়াৰ অৰ্থ হ'ল আপোনাৰ ব্যৱহাৰকাৰী সমল আমাৰ ডাটাবেছৰ পৰা আঁতৰাই পেলোৱা হ'ব। আপোনাৰ ব্যৱহাৰকাৰী একাউণ্টৰ পৰিসমাপ্তি আৰু আপোনাৰ ব্যৱহাৰকাৰী সমল আঁতৰোৱাকে সামৰি এই চুক্তিৰ পৰিসমাপ্তিৰ বাবে Xiaomi-এ কোনো দায়িত্ব গ্ৰহণ নকৰে।

ছাইটটোৰ কোনো পৰিশোধিত সংস্কৰণ, Xiaomi সেৱাসমূহৰ আপডেট বা অন্য পৰিৱৰ্তনসমূহ এই চুক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত কৰা হ'ব।

অতিৰিক্ত চৰ্তসমূহ

ফীডবেক

Xiaomi-লৈ আপোনাৰ পৰামৰ্শ (“ফীডবেক”) প্ৰদানক ফীডবেকৰ সকলো অধিকাৰ স্থানান্তৰ কৰা বুলি গণ্য কৰা হয়; ফীডবেকক Xiaomi-এ যিকোনো যথাযথ ধৰণে ব্যৱহাৰ কৰাৰ অধিকাৰ আছে। লগতে আমি এই ফীডবেকক অবৰ্গীকৃত আৰু অনা-স্বতন্ত্ৰ ৰূপে গণ্য কৰো।

আপুনি গোপনীয় আৰু সম্পদতুল্য ৰূপে গণ্য কৰা কোনো তথ্য Xiaomi-ক প্ৰদান নকৰিবলৈ সন্মত হৈছে। আমাৰ বিচাৰৰ ভিত্তিত আপোনাৰ সমল পৰীক্ষা কৰাৰ অধিকাৰ (বাধ্যতামূলক নহয়) আমি সংৰক্ষিত কৰি ৰাখিছো। আপোনাৰ সমল যিকোনো সময়তে যিকোনো কাৰণত আঁতৰাই পেলোৱাৰ অধিকাৰ আমাৰ আছে। সংশোধন আৰু পৰিসমাপ্তিৰ চৰ্তসমূহ অনুসৰি, আমাৰ আপোনাৰ একাউণ্ট সংৰক্ষণ বা সমাপ্ত কৰাৰ অধিকাৰ আছে।

গোপনীয়তাৰ নীতি

দয়া কৰি আমাৰ গোপনীয়তাৰ নীতি সমীক্ষা কৰক, সেইখনৰ অধিকাৰ এই চুক্তিৰ সমানেই আৰু এইখনৰ পৰা অবিভাজনীয়।

অধিসূচনা

আপুনি শেহতীয়া, সৰ্বাধিক ব্যৱহৃত আৰু মান্য ইমেইল ঠিকনা প্ৰদান কৰা উচিত। আপুনি প্ৰদান কৰা ইমেইল ঠিকনাৰ যোগেদি আমি আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম নহ'লে Xiaomi-এ তাৰ কোনো দায়িত্ব গ্ৰহণ নকৰে। সন্দেহহীনভাৱে, ছাইটৰ অধিসূচনা আৰু আপোনালৈ প্ৰেৰণ কৰা ইমেইলত মান্য অধিসূচনা অন্তৰ্ভুক্ত হৈ থাকে।

স্বতন্ত্ৰতা

যদিহে এই চুক্তিৰ কিছুমান সুবিধা কোনো কাৰণৰ বাবে প্ৰযোজ্য নহয়, তেন্তে সেইসমূহ আইনীভাৱে প্ৰয়োগ কৰিবলৈ সংশোধন কৰা হ'ব; আৰু অন্য সুবিধাসমূহ প্ৰযোজ্য হৈ থাকিব।

অখণ্ডতা

এই চুক্তি (গোপনীয়তাৰ নীতিক সামৰি) হ'ল ছাইট আৰু Xiaomi প্ৰডাক্ট আৰু সেৱাসমূহৰ সম্পৰ্কীয় যিকোনো বিষয়ৰ ক্ষেত্ৰত আপোনাৰ আৰু Xiaomi-ৰ মাজত চূড়ান্ত, অখণ্ড আৰু স্বতন্ত্ৰ চুক্তি।

প্ৰতিটো অনুচ্ছেদৰ শীৰ্ষকসমূহ কেৱল পঢ়াৰ ক্ষেত্ৰত সুবিধা হোৱাৰ বাবেহে লিখা হৈছে আৰু এইবিলাকৰ কোনো আইনী বা চুক্তিমূলক বাধ্যবাধকতা নাই।

Xiaomi-ৰ পৰা কোনো লিখিত সন্মতি নোহোৱাকৈ, আপুনি এই চুক্তিত উল্লিখিত অধিকাৰ আৰু বাধ্যবাধকতাসমূহ স্থানান্তৰ কৰিব নোৱাৰে। তেনে এক স্থানান্তৰণৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত সুবিধাসমূহ উলংঘন কৰা কোনো আচৰণ বা কাৰ্যকলাপসমূহ হ'ল অমান্য।

যোগাযোগ কৰক

ঠিকনা: Xiaomi Office Building
68 Qinghe Middle Street, Haidian District, Beijing, China
Zip code: 100085
Tel:+86-10-60606666
Fax: +86-10-60606666 -1101
E-mail: legalqa@xiaomi.com